Moidam-56

One of the biggest Moidams at the location, Moidam 56 (diameter: 56.20 m; height: 14.00 m), has a view over a large water body to the north and a sizable area of burial landscape to the south.

Moidams at the site do not follow a set distribution pattern. These are randomly distributed across the selected foothills, leaving some space between two Moidams. Some Moidams built after the 17th century are largest examples since their vaults are made of bricks, as opposed to earlier Moidams made of earth or wood and earth.

Historical records inform that the royal Moidams were maintained properly under the supervision of an officer called Moidam Phukan, whose duty was to supervise the paiks (able male labour). The paiks were posted to guard the Moidam area and to keep the Moidams well trimmed and cleared of jungles. There was also engaged a priest, Mo Chai, who made daily offerings to the spirits of the dead and lighted lamps.

মৈদাম নম্বৰ ৫৬

চৰাইদেউ মৈদামক্ষেত্রৰ বৃহত্তম মৈদামৰ অন্যতম এই ৫৬ নম্বৰ মৈদামটিৰ ব্যাসাৰ্ধ ৫৬.২০ মিটাৰ আৰু উচ্চতা ১৪ মিটাৰ। ইয়াৰ পৰা উত্তৰত এটা বৃহৎ জলাশয় আৰু দক্ষিণলৈ সমাধিক্ষেত্রৰ অন্য দৃশ্যপট দৃষ্টিগোচৰ হয়। চৰাইদেউ মৈদামথলিৰ পূবে নিমনাগড়ৰৰ পৰা পশ্চিমে লেংগিবৰলৈ প্ৰায় ৬ কিলোমিটাৰ জুৰি বিস্তৃত। ইয়াত লানি পাতি পাহাৰৰ দৰে কেইবাশাৰীও বহু মৈদাম আছে। সপ্তদশ শতিকাৰ আগৰ মৈদামবোৰ শাল, শিঙৰি, উৰিয়াম কাঠ আদিৰে ঘৰ নিৰ্মাণ কৰি তাৰ ওপৰত মাটি জাপি বন্ধোৱা হৈছিল। ইয়াৰ পৰৱৰ্তী পকী মৈদাম সমূহ ইটাৰে পকী ঘৰ সাজি তাৰ ওপৰত মাটি জাপি বন্ধোৱা হৈছিল। বুৰঞ্জীৰ তথ্য মতে মৈদামৰ তদাৰক কৰিবলৈ মৈদমীয়া ফুকন নামৰ এজন মুখ্য বিষয়া নিয়োগ কৰা হৈছিল। তেওঁৰ তলত মুচাই ফুকন নামৰ আন এজন বিষয়া আছিল। মুচাই ফুকনৰ অধীনত পাইক সকলে মৈদাম চোৱাচিতা কৰা, চাফা কৰা, আৰু ডাম পূজা , বন্তি জ্বলোৱা, ফুলনিবাৰী পতা কামত নিয়োগ কৰা হৈছিল।