Moidam-78

Excavations (2021-23) at Moidam 78 (Diameter: 53.80 m; Height: 11.00 m) by the Directorate of Archaeology, Government of Assam revealed traces of an octagonal Chou Cha Li atop the Moidam. The Moidam was also provided with an octagonal dwarf boundary wall with an off centre entrance across it from the west. Two in situ brick sockets on either side of the entrance indicate that a double-leaf door controlled the entry. Most likely, a small open piece of land with a double row of cobblestone edging was intended for a flower garden inside the boundary wall but outside the Moidam.

The burial chamber made of bricks is rectangular on plan and has a domical ceiling. Interior of the vault was finished with lime plaster. A row of six iron hooks (or nails), one above the other, was found arranged above each of the chamber's four corners in the ceiling. The purpose of these iron hooks seems to support a multilayered cloth canopy (Chandratap), over the body of the entombed ruler. The entrance passageway to the burial vault was found completely blocked with the cobbles (Lathia sils), and at its inner edge, with a thin brick wall.

Besides human skeletal remains, other objects found from excavation include pieces of timber plank wrapped in copper sheath, fragmentary ghunghroos (tiny metallic bells), leafshaped gold pendants, decorative ivory buttons, iron nails, and a variety of fragmentary pottery vessels.

মৈদাম নম্বৰ ৭৮

৭৮ নম্বৰ মৈদামটি পথালিয়ে ৫৩.৮০ মিটাৰ আৰু ওখই ১১ মিটাৰ। ২০২১-২৩ চনত প্ৰত্নতত্ব বিভাগে খনন চলাই মৈদামটিৰ ওপৰত চাৰিচলিয়া এখন চৌচালি আবিষ্কাৰ কৰিছিল। ইয়াৰোপৰি মৈদামটিৰ চাৰিওফালে আগুৰি আছিল এখন চাৰিচুকিয়া চাপৰ দেৱালে যিখন দেৱালৰ পশ্চিমে আছিল এখন প্ৰৱেশদ্বাৰ। প্ৰৱেশদ্বাৰৰ দুইদিশে ইটাৰ খোল ৰখা হৈছিল প্ৰৱেশৰ নিয়ন্ত্রণ ৰক্ষা কৰিবলৈ। বাহিৰৰ ফালে লঠিয়া শিলৰ শাৰীৰে নিৰ্মিত সৰু এটুকুৰা মুকলি ঠাই ফুলনিৰ বাবে সংৰক্ষিত আছিল। এই মৈদামটিৰ সমাধি কক্ষ আয়তাকাৰ সমতলত ইটাৰে নিৰ্মাণ কৰা হৈছিল। আৰু ওপৰ ফালে আছিল এখন জুঙা চালি। গৰ্ভগৃ়হটিৰ অন্তৰভাগ চূনৰ তৰপযুক্ত। ছয়টা লোৰ গজাল যুক্ত এটা শাৰী কক্ষটোৰ ওপৰচালিৰ প্ৰতিটো কোণত দেখা যায়। এই লোৰ গজালকেইটিৰ দ্বাৰা শ-আৱৰণ চন্দ্ৰতাপ উলমাই ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল। সমাধি কক্ষলৈ প্ৰৱেশ কৰা বাটটো সম্পূর্ণৰূপে লঠিয়া শিলেৰে বন্ধ কৰি থোৱা আছে আৰু ইয়াৰ ভিতৰকক্ষত এখন পাতল ইটাৰ দেৱাল অৱস্থিত। খননকার্যৰ সময়ত এই মৈদামত শৱদেহৰ কিছু অৱশিষ্টৰ ওপৰিও তামৰ ধাতুৰে মেৰিওৱা কাঠ, সোনৰ আ-অলংকাৰ, হাতীদাঁতৰ সামগ্রী, লোৰ গজাল আৰু বিভিন্ন আকৃতিৰ মাটিৰ পাত্ৰ আবিষ্কাৰ কৰা হৈছিল।