Moidam - 2

The Archaeological Survey of India carried out excavations of Moidam 2 (Diameter: 91.50 m; Height: 15.00 m) in early 2000s and unearthed details of Moidam in terms of its architecture and the entombed burial goods.

The burial vault is a hollow burial chamber, topped by a dome. It was constructed of brick masonry set in lime mortar. Entrance to the burial chamber was found sealed with a wall of bricks and ashlars masonry. An octagonal dwarf brick wall surrounds the Moidam to guard it and define its outermost limits.

Antiquities and forensic evidence recovered from the vault include five human skulls, four of females and one of male (a king). A study has assigned the cause of death to either an accident or some pestilence or a custom of burying living persons with the dead king. The DNA study has revealed that the deceased were Tai-Ahoms, having certain genetic admixture with indigenous population of the North East India. Carbon dating obtained from some samples indicates that the Moidam belong to the Ahom period.

Among other antiquities include decorative ivory pieces, a wooden bedstead leg, gold pendants, ivory buttons, iron hooks and pins, cowries, cannon balls, ceramic assemblages of different varieties, etc..

দুই নম্বৰ মৈদামূচি


ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষনে ২০০০ চনৰ আগভাগতেই দুই নম্বৰ মৈদামৰ খননকার্য্য সম্পন্ন কৰে। ফলস্বৰূপে এই মৈদামৰ স্থাপত্য আৰু সমাধিস্থ সামগ্রী সমূহৰ বিশদ বিবৰণ উন্মোচিত হয়। এই সমাধিৰ খোলা কক্ষটিৰ ওপৰত এটি গম্বুজ আছে। চূনশিলৰ মিশ্রণ আৰু ইটাৰে এই নিৰ্মাণ কাৰ্য্য কৰা হৈছিল। সমাধিকক্ষৰ প্ৰৱেশদ্বাৰ ইটাৰে নিৰ্মিত দেৱালেৰে সুৰক্ষিত কৰা হৈছিল। প্ৰত্নতাত্বিক নিদর্শন আৰু ফৰেন্চিক সাক্ষ্য সমূহৰ মাজত পাঁচটা মানৱ কংকাল উদ্ধাৰ হৈছে। তাৰে চাৰিটা নাৰী দেহৰ আৰু এটা পুৰুষ দেহৰ কংকাল। এই লোক কেইজনৰ মৃত্যুৰ কাৰণ কোনো দুৰ্ঘটনা, মহামাৰী বা মৃত ৰজাৰ লগত জীৱিত ব্যক্তিক সমাধিস্থ কৰা প্ৰথা বুলি নিৰ্ধাৰণ কৰা হৈছে। ডি.এন.এ. ৰ অধ্যয়নত প্ৰকাশ হৈছে যে এই মৃত ব্যক্তিসকল তাই আহোম আছিল, যাৰ লগত উত্তৰ-পূব ভাৰতৰ স্থানীয় জনগোষ্ঠীৰ লগত নিৰ্দিষ্ট জেনেটিক সংমিশ্রণ হৈছিল। বিভিন্ন নমুনাৰ সৈতে পোৱা কাৰ্বনডেটিঙে এই মৈদাম সমূহ আহোম যুগৰ অন্তৰ্গত বুলি নিশ্চিত কৰিছে। অন্যান্য প্ৰত্নতাত্বিক নিদর্শন সমূহৰ মাজত হাতীদাঁতৰ টুকুৰা লগোৱা সা-সৰঞ্জাম, কাঠৰ বিচনাৰ খুৰা, সোনৰ অলংকাৰ, হাতীৰ দাঁতৰ বুটাম, লোৰ হুক, কামানৰ গোলা আৰু বিভিন্ন প্ৰকাৰৰ চীনামাটিৰ সৰঞ্জাম পোৱা গৈছে।