The stone signage put up by the Directorate of Archaeology, Government of Assam at the site informs the visitors that:
অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ সঞ্চালকালয়ে পৰ্যটন ক্ষেত্রত স্থাপন কৰা শৈল তথ্য ফলকে নিম্নলিখিত তথ্য সমূহ ভ্ৰমণকাৰীৰ বাবে আগবঢ়াইছে। আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা চাওলুং চ্যুকাফাৰ আগমনৰ পূৰ্বে চৰাইদেউ আছিল মৰাণ আৰু বৰাহী সকলৰ পবিত্র উপাসনাৰ থলি। চাওলুং চ্যুকাফাই চৰাইদেউত ১২৫৩ খৃষ্টাব্দত আহোম ৰাজ্যৰ প্ৰথমখন ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আৰু আহোম স্বৰ্গদেউ তাওখামথি ৰ ৰাজত্বকাললৈকে এই ৰাজধানী বৰ্তী আছিল। ৰাজধানী চৰাইদেউৰ অঞ্চলটোক চাৰিটা প্ৰধান অংশত বিভক্ত কৰিব পাৰি। যেনে পবিত্র উপাসনাথলি, ৰাজ পৰিয়ালৰ বাসস্থান, ডা-ডাঙৰীয়া সকলৰ বাসস্থান, ঘৰ-দুৱাৰ আৰু ৰাজবংশৰ পবিত্র সমাধিক্ষেত্র। আহোম ৰাজপৰিয়ালৰ সদস্য সকলক আহোম প্ৰথা অনুসৰি নানা উপচাৰ সামগ্রীৰ সৈতে মৈদামত সমাধিস্থ কৰা হৈছিল। সপ্তদশ শতিকা পৰ্যন্ত মৈদাম সমূহত কাঠৰ ব্যবহাৰ কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী কালত মৈদামবোৰ ইটা আৰু শিলেৰে নিৰ্মাণ কৰা হয়। আহোম ৰাজত্বৰ সুদীর্ঘ ছশ বছৰ কালত চৰাইদেউ আছিল আহোম সকলৰ সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ প্ৰধান কেন্দ্র।